Skip to playerSkip to main content
  • 1 year ago
শিলচৰ: কাছাৰৰ ধোয়াৰবন্দ পালই চাহ বাগিচাত চাঞ্চল্যকৰ কাণ্ড । ভূমিকেন্দ্ৰিক বিবাদে ল'লে এটি ৮ বছৰীয় কিশোৰৰ প্ৰাণ । হাবিৰ পৰা উদ্ধাৰ কিশোৰজনৰ মৃতদেহ । ঘটনাৰে জড়িত মহিলাসহ ৪ জনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে কিশোৰজন দেওবাৰৰ দিনৰ ভাগৰ পৰাই সন্ধানহীন হৈ আছিল । মঙলবাৰে ঘৰৰ কাষতে থকা হাবিত উদ্ধাৰ হয় কিশোৰজনৰ মৃতদেহটো । ঘটনাটোৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।পৰিয়ালৰ অভিযোগৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । তদন্তৰ মাজতে আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে ধৃত লোকসকলৰ সৈতে মৃত কিশোৰজনৰ পিতৃৰ দীৰ্ঘদিনীয়া ভূমিকেন্দ্ৰিক বিবাদ চলি আছিল । যাৰ বাবে অভিযুক্তসকলে কিশোৰজনক এনেদৰে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ।এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "গোটেই ঘটনাটো আমি অনুসন্ধান কৰি আছো আৰু যোৱা নিশা আমাৰ এক বিশেষ অভিযান চলিছিল । অভিযান কালতে যিকেইজন মূল অভিযুক্ত আছিল তেওঁলোকক আটক কৰিছোঁ । তেওঁলোকক সোধা-পোছা কৰি আছো । প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁলোকে ঘটনাটোৰ সৈতে জড়িত মূল ব্যক্তি । অতি দুৰ্ভাগ্যজনক ঘটনা । এই ঘটনাত আৰু যদি কোনোবা জড়িত আছে তেওঁলোকক আইনৰ আওতাত আনি কঠোৰ আইনগত ব্যৱস্থা ল'বলৈ আমি তৎপৰ হৈ আছো ।"লগতে পঢ়ক :বিটিচিৰ গোষ্ঠীগত সংঘৰ্ষৰে জড়িত পাঁচ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - BONGAIGAON LIFE IMPRISONMENT

Category

🗞
News
Transcript
00:00.
00:07.
00:13.
00:19.
00:24.
00:28.
00:29.
00:30And I will be able to get involved in this situation and I will be able to get involved.
00:39And I will be able to get involved and get involved.
00:50We just didn't have any data, but we did not have problems.
00:58So I thought,
01:02we also had to have a question.
01:08So,
01:10about this question.

Recommended