Skip to playerSkip to main content
  • 5 minutes ago
মাজুলী: শাৰদীয় দুৰ্গোৎসৱৰ মাজতে দেওবাৰে ৰাজ্যবাসীয়ে বাপতিসাহোন কাতি বিহু পালন কৰিব । এই উপলক্ষে ৰাজ্যবাসীয়ে আয়োজন চলাইছে । সত্ৰনগৰী মাজুলীত কাতি বিহুক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । কাতি বিহু, ৰাসোৎসৱ, আৰু পালনাম সত্ৰনগৰী মাজুলীৰ মুখ্য ধৰ্মীয় উৎসৱ । এই কাতি বিহুক লৈ এতিয়া মাজুলীৰ চৌপাশে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ।ইফালে ৩৭৩ বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ আকাশত দেওবাৰে সন্ধিয়া আকাশ বন্তি প্ৰজ্বলিত হ’ব । সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে তুলসীক উপাসনা কৰা হ’ব বন্তি প্ৰজ্বলনথলীত । আউনীআটী সত্ৰত দিনজোৰা কাৰ্যসূচীৰে সকলো সত্ৰীয়া কৃষ্টি সংস্কৃতি ওজাপালি, সংকীৰ্তন, হিয়া নাম, দিহানাম, নৃত্য আদি প্ৰদৰ্শন কৰা হ’ব । তাৰ পাছতে বিশ্ব শান্তি আৰু মানৱ সমাজৰ মংগলাৰ্থে আকাশবন্তি প্ৰজ্বলন কৰা হ’ব । এই অনুষ্ঠানক লৈ এতিয়া সত্ৰখনত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে । সত্ৰৰ ভকত বৈষ্ণৱসকল এতিয়া আকাশবন্তী নিৰ্মাণত ব্যস্ত হৈ পৰিছে ।লগতে পঢ়ক: ২০০৫ চনৰ ১৭ অক্টোবৰৰ দিনটো অসমৰ ইতিহাসৰ এক অতি কৰুণ আৰু ক’লা অধ্যায় : মুখ্যমন্ত্ৰীগোটেই ৰাজ্যখনতো থিয় হৈছেই অসুৰকেইটাৰ বিপক্ষে:গৰিমা শইকীয়া গাৰ্গ

Category

🗞
News
Transcript
00:12Good morning, everyone.
00:43Thank you very much.
01:13Thank you very much.
01:44Thank you very much.
02:13Thank you very much.

Recommended