শিৱসাগৰ : শেহতীয়াকৈ দিল্লী আৰু বিভিন্ন প্ৰান্তত বিৰোধী কংগ্ৰেছৰ নেতৃত্ব ইণ্ডিয়া ব্লকৰ প্ৰতিবাদ আৰু চিজেপিৰ প্ৰতিবাদে দেশজুৰি চৰ্চা লাভ কৰে । ইয়াৰ পিছতে বিজেপি দলেও ঠায়ে ঠায়ে সমদলৰ আয়োজন কৰিছে । তাৰ অংশ হিচাপে বিজেপি দলে শিৱসাগৰত গণতন্ত্ৰ বচাও অৰাজকতা হটাও শীৰ্ষক পদযাত্ৰা আয়োজন কৰে । য'ত জিলাখনৰ শ শ বিজেপি কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে । বিজেপিৰ অভিযোগ একাংশ অপশক্তিয়ে দেশৰ পৰিৱেশ অস্থিৰ কৰাৰ প্ৰয়াস কৰিছে । সেয়ে অপশক্তিৰ বিৰুদ্ধে বিজেপি এই পদক্ষেপ গ্ৰহণ কৰিছে । পদযাত্ৰাত অংশ লৈ অসমৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোঁহাইয়ে কয়, "অপশক্তিয়ে দেশৰ গণতন্ত্ৰক দুৰ্বল কৰিবলৈ যি চেষ্টা কৰিছিল আজি শিৱসাগৰবাসী ওলাই আহিছে । আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস নকৰো আমি গণতন্ত্ৰত বিশ্বাস কৰো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেদৰে ভাৰতবৰ্ষক পৃথিৱীৰ শক্তিশালী দেশ হিচাপে নেতৃত্ব দিছে, আমি নৰেন্দ্ৰ মোদীৰ লগত আছোঁ ।"তেওঁ লগতে কয়, "মানুহে যেনেদৰে ভাবিছিল যে দিল্লীত কিবা এটা প্ৰদৰ্শন দেখাই শক্তিশালী হৈছে কিন্তু আমি দেখাব বিচাৰিছো শিৱসাগৰৰ প্ৰতিখন গাঁও-চুবুৰীৰ মানুহ নৰেন্দ্ৰ মোদীৰ লগত আছে ।" শিৱসাগৰ নগৰৰ ব'ৰ্ডিং খেলপথাৰৰ পৰা আয়োজন কৰা এই বিশাল পদযাত্ৰাত প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ লগতে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে । এই পদযাত্ৰা শিৱদ'লৰ সমীপত সামৰণি পৰে ।লগতে পঢ়ক :গণতন্ত্ৰ ৰক্ষাৰ যুঁজত বিজেপি: ধেমাজিত সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে বিশাল সমদল
Transcript
00:00foreign
00:15foreign
00:16foreign
00:29foreign
00:30foreign
00:30foreign
00:47foreign