Skip to playerSkip to main content
  • 22 minutes ago
মৰিগাঁও: ৰাজ্যত পুনৰ আন এক ৰাজনৈতিক দল জন্ম হোৱাৰ উকমুকনি ঘটিছে । মধ্য অসমত তিৱা ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনৰ নেতৃত্বত শীঘ্ৰে এটা নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে । এই খবৰে ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত এক নতুন চৰ্চা আৰু সমীকৰণৰ সূচনা কৰিছে ।নতুন দলৰ নেতৃত্ব আৰু পৃষ্ঠভূমি এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক উদ্যোগটোৰ মধ্য অসমৰ কেইবাটাও প্ৰভাৱশালী জাতীয় সংগঠনে নেতৃত্ব বহন কৰিছে । ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ'ল— সদৌ তিৱা ছাত্ৰ সন্থা (ATS), তিৱা সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদ । শনিবাৰে ঐতিহাসিক মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত এই সংগঠনকেইটাৰ এক সভা অনুষ্ঠিত হয় । এই সভাতে উক্ত ঘোষণা কৰে ।প্ৰাপ্ত খবৰ অনুসৰি, এই নতুন আঞ্চলিক দলটোৱে মূলতঃ মধ্য অসমৰ কেইখনমান নিৰ্দিষ্ট জিলাক কেন্দ্ৰ কৰি নিজৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰিব । ইয়াৰ কাৰ্যক্ষেত্ৰৰ ভিতৰত মূলত অন্তৰ্ভুক্ত হৈছে-মৰিগাঁও জিলা, নগাঁও জিলা, কাৰ্বি আংলং জিলা, কামৰূপ গ্ৰাম্য জিলাৰ একাংশ অঞ্চল ।দলটোৰ মূল এজেণ্ডা হ'ব মধ্য অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষা, সাংবিধানিক সুৰক্ষা, সামাজিক ন্যায় আৰু সৰ্বাংগীণ অর্থনৈতিক তথা শৈক্ষিক উন্নয়ন । বিশেষকৈ ঐতিহাসিকভাৱে পিছপৰি ৰোৱা এই অঞ্চলসমূহৰ জনসাধাৰণৰ মৌলিক সমস্যা সমাধানৰ বাবে দলটোৱে ৰাজনৈতিক সংগ্ৰামৰ পথ বাছি লৈছে বুলি নেতৃত্বই উল্লেখ কৰে ।লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় হলৌ বান্দৰ দিৱসত সংৰক্ষণৰ সংকল্প; সুৰক্ষাত বিশেষ পদক্ষেপ অসমৰজ্ঞানেশ কুমাৰে পদত্যাগ নকৰালকৈ কংগ্ৰেছে প্ৰতিবাদ কৰি যাব : কুণাল বেনাৰ্জী

Category

🗞
News
Transcript
00:00We are struggling with the delivery of the fleet of the fleet, with the states of the fleet.
00:29We are struggling with the fleet inside operations.
00:29...
00:31...
00:32...
00:34Thank you very much.

Recommended