Skip to playerSkip to main content
  • 20 minutes ago
মাজুলী : দেওবাৰে পবিত্ৰ লক্ষ্মী পূৰ্ণিমা উপলক্ষে ধন, ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । বাদ পৰি ৰোৱা নাই সত্ৰ নগৰী মাজুলীও ৷ মাজুলীৰ বিভিন্ন স্থানত উলহ-মালহেৰে লক্ষ্মী পূজা পালন কৰা হৈছে । মাজুলীৰ বিভিন্ন অঞ্চলৰ লগতে বনগাঁও চাৰিআলিৰ ব্যৱসায়ী সন্থাই বিগত বছৰবোৰৰ দৰে এইবাৰো বনগাঁও চাৰিআলিত উলহ-মালহেৰে লক্ষ্মী পূজা উদযাপন কৰিছে ।দিনজোৰা কাৰ্যসূচী অনুসৰি দিনৰ ভাগত নাম-প্ৰসংগৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বিপৰীতে নিশালৈ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ কণ কণ শিশু শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব । এই কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায় ।উল্লেখ্য যে, শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ দিনাৰ পৰাই মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবন লৈ অৰ্থাৎ লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই মাজুলীত আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা । দেওবাৰৰ পৰা এমাহ জোৰা আখৰাৰ অন্তত ৰাস পূৰ্ণিমাত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ অনুষ্ঠিত হয় ।লগতে পঢ়ক : কোজাগৰী লক্ষ্মী পূজা ২০২৬ : মা লক্ষ্মীৰ কৃপা লাভৰ ধৰ্মীয়, আধ্যাত্মিক আৰু সামাজিক তাৎপৰ্য...লগতে পঢ়ক : লক্ষ্মী দেৱীৰ পূজা : গুৱাহাটীৰ ভিন্ন বজাৰত পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে ক্ৰেতাৰ ভিৰ

Category

🗞
News
Transcript
00:00foreign
00:19foreign
00:31Thank you very much.
01:00Thank you very much.

Recommended