Skip to playerSkip to main content
  • 5 minutes ago
বঢ়মপুৰ : নগাঁও জিলাৰ কঠিয়াতলি বন আঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বিভিন্ন এলেকাত বন্য হস্তীৰ উপদ্ৰৱ ৷ ফলত শংকিত হৈ পৰিছে ৰাইজ ৷ জানিব পৰা মতে জিলাখনৰ কঠিয়াতলী, কন্দলি, বামুণী গাঁৱত হাতীৰ জাকে পথাৰৰ ধান খায় উপদ্ৰৱ চলোৱা বুলি ৰাইজে উল্লেখ কৰিছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে কৃষি নষ্ট কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷বন বিভাগৰ লোকে বন্য হস্তীৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে উল্লেখ কৰে যে, বন বিভাগৰ পৰা স্থানীয় লোকক ফটকা, টৰ্চ লাইট যোগান ধৰিব লাগে ৷কিন্তু স্থানীয় লোকক এই ক্ষেত্ৰত কোনো সহায় নকৰে বন বিভাগৰ লোকে ৷ কঠিয়াতলী বনাঞ্চলিক বিষয়াক সাক্ষাৎ কৰি সমগ্ৰ ঘটনা অৱগত কৰাৰ বাবে কাৰ্যালয়লৈ আহি সাক্ষাৎ নাপালো বুলি আটছাৰ নেতৃত্বই উল্লেখ কৰে ৷লগতে পঢ়ক: ৰাতি হ’লেই ওলাই হাতী, হাতৰ মুঠিত প্ৰাণটো লৈ দিন কটাইছে ডিমৰীয়াৰ বহুলোকে

Category

🗞
News
Transcript
00:00...
00:57I will ask questions
01:15I am a stranger.
01:18I am a stranger.
01:19I am a stranger.
01:20I am a stranger.
01:36Thank you so much for joining us.
Comments

Recommended